Sunday 16 December 2018

Assamis Question Answer lesson 11 class x । মুক্তিমংগল ভটিমা পাঠ 11 অসমীয়া শ্ৰেণী দশম মান

           গোট 11      (ক) মুক্তিমংগল ভটিমা
                   ( কালিয় দমন নাটৰ পৰা )
                                 -শ্ৰীমন্ত শঙ্কৰদেৱে

-------------------------------------------------------------
                      পাঠ ভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন 1/চমুকৈ উত্তৰ দিয়া :
(ক)দৈৱকী উওৰে উদয যোহি দবা __ইয়াত 'যোহি দিয়া কাক কুবা হৈছে   ?

উত্তৰ :- শ্ৰীকৃষ্ণক ।

খ)কংসক ধবংসল প্ৰাণ '___কংসৰ প্ৰাণ কোনে ধবংস কৰিলে   ?

উত্তৰ :- শ্ৰীকৃষ্ণই ।

গ)শংখচূডক কোনে বধ কৰিছিল   ?

উওৰ :-  শ্ৰীকৃষ্ণই ।

ঘ)শ্ৰীৰাম ৰাইৰ প্ৰকৃত নাম কি  ?

উওৰ :-  শ্ৰীৰামচন্দ্ৰ ।

ঙ)দেউতাৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলিচে  ?

উওৰ :- মাধব আৰু শ্ৰীকৃষ্ণক ।

চ)ভটিমা টি কোনখন নাটৰ অন্তৰ্ভুক্ত  ?

উওৰ :-  কালিয়দমন নাটৰ পৰা ।

ছ)মুক্তি মংগল ভটিমা কোনে পাঠ কৰে  ?

উওৰ :- সূএধাৰ আৰু সহযোগীসকলে ।

প্ৰশ্ন 2/ভটিমা টিত উল্লেখ থকা অনুসৰি কৃষ্ণই বধ কৰা অসুৰ কেইটাৰ নাম লিখা  ?

উত্তৰ :-  ভটিমাটিত উল্লেখ কৰা অনুসৰি কৃষ্ণই অঘ ,বক ,ধেনুক , কেশী , কংস , অৰিচট , মুচটিক , শংখচূড আদি বিভিন্ন অসুৰ বধ কৰিছিল । শংকৰদেৱৰ ভাষাত
     
     অঘ-বক ধেনুক                কেশী ধবংশক
                   কংসক ধবংসল প্ৰাণ ।'
    দুচট অৰিচটক                  মুচটিক মোডল
                    শংখচূড লেল প্ৰাণ ।'ইত্যাদি

প্ৰশ্ন 3/তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা ।
ত্ৰাণ ?সৰদ , চন্দ্ৰ, মুকুতি ,কাহিনী, প্ৰাণ ,সাগৰ ।

উত্তৰ :- ত্ৰাণ ------- পৰী ত্ৰাণ
           শৰদ -------শদিয়
            চন্দ্ৰ --------চন্দ্ৰমা
         মুকুতি --------মুক্তি
         কাহিনী --------নাৰী, ইচতিৰি
           প্ৰাণ ---------জীৱন
         সাগৰ ---------সমুদ্ৰ
           নাব ---------নাও,নৌকা ।
প্ৰশ্ন 6/ তলত দিয়া  শব্দবোৰৰ আধুনিক ৰূপ লিখা  ।

কয়লি , সোহি,  যোহি, যাকেৰি , ভেলহ ।

উওৰ :- কয়লি ----কৰিলে
         
             সোহি -----সেই

             যোহি ------যেই

              যাকেৰি------সাৰ

             ভেলহ -------হল।

                 (  অতিৰিক্ত প্ৰশ্নোত্তৰ )
-------------------------------------------------------------
প্ৰশ্নৰ উওৰ লিখা ----

প্ৰশ্ন 1/শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল  ?

উত্তৰ :- 1449 চনত ।

প্ৰশ্ন2/শংকৰদেৱৰ সাহিত্যিক জীৱনৰ শ্ৰেষ্ঠ কীৰ্ত্তি কী  ?

উওৰ :- কীৰ্তন - ঘোষ ।

প্ৰশ্ন 3/মুক্তিমংগল ভটিমা পাঠটো কৰ পৰা লোৱা হৈছে  ?

উওৰ :- শংকৰদেৱৰ কালীয় দমন নাটৰ পৰা  ।

প্ৰশ্ন 4/শংকৰদেৱৰ নাটকৰ খংখ্যা কিমান  ?

উওৰ :- 6 খন ।

প্ৰশ্ন 5/শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল?

উওৰ :- 34 টা  ।

প্ৰশ্ন 6/ শংকৰদেৱৰ সংকৃত ভাষাত সংকলিত গ্ৰন্থ খনৰ নাম লিখা  ?

  উত্তৰ :- ভক্তি -ৰত্নাকৰ ।

প্ৰশ্ন 7/ শংকৰদেৱে ৰামায়ণ কোনটো কানড ৰচনা কৰিছিল  ?

উত্তৰ :-  উওৰাকানড ।

প্ৰশ্ন 8/ শংকৰদেৱৰ দুখন কাব্যৰ নাম লিখা  ?

উত্তৰ :- ৰুক্মিণীহৰন কাব্য  আৰু বলিচৰন ।

প্ৰশ্ন 9/ ভটিমা কেই প্ৰকাৰৰ আৰু কি কি  ?

উত্তৰ :- চাৰি প্ৰকাৰৰ : 1,দেব 2,ৰাজ 3,গুৰু 4,নাট ভটিমা  ।

10 /শংকৰদেৱৰ মাতৃৰ নাম কি  ?

উওৰ :- খেৰসুতী ।

প্ৰশ্ন 11/ শংকৰদেৱে টোলত কি  কি অধ্যয়ন কৰিছিল  ?

উওৰ :- শংকৰদেৱে চাৰিবেদ , চৈধ্য শাচএ আৰু ওঠৰ পুৰাণ অধ্যয়ন কৰি পানডীত্যৰ পৰিচ পৰিচয় দিছিল ।






Monday 3 December 2018

Class x Assamis Question Answer lesson 3 paroshiot Avhumuki

             Class x Assamise Question Answer



           _______
           (গোট)             (খ)পৰস্যত এভূমুকি
                                         কবি :- ৰবীন্দ্ৰনাথ গোস্বামী
             3
_____________________________________________
                                      (  পাঠ্যক্ৰম প্ৰশ্ন উওৰ )
1)চমুকৈ উওৰ দিয়া
(ক)লেখকে উল্লেখ কৰা মতে তেওলোকৰ ৰিগটো ক'ত আছে?
উওৰ :-পাৰস্য উপসাগৰত।

2)বুশ্বেৰ কি ?
উত্তৰ :-পাৰস্য উপসাগৰত অৱষ্ঠিত বন্দৰ নগৰী ।

গ)বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল  ?

উওৰ :-লেখক গোস্বামীৰ লগত আৰু দুজন ব্যক্তি আছিল; তেওঁলোক হল মেহদি আৰু ঘাছেম ।তেওঁলোকৰ তিনিও বুশ্বেৰ বন্দৰত অবতাৰণ কৰে ।

ঘ)বুশ্বেৰ বিমান বান্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে ?

উত্তৰ :-বন্দৰটো হৈছে ইৰানৰ এটা সামৰিক ঘাটি  । সেযে ইয়াৰ বিশেষ গুৰুত্ব আছে ।

ঙ)লেখকে বুশ্বেৰত কি আছে বুলি হোনিছে ?
উওৰ :-লেখকে বুশ্বেৰত এটা নিউক্লিয় ৰিয়েকটৰ থকাও উল্লেখ কৰিছে  ।

চ)মেহদি আৰু ঘাছেম কোন  ?
উওৰ :-লোকৰ সহযাত্ৰী, দুয়োজন ইৰাণী যুবক  । তেওঁলোক তৈলনগৰী আহবাজৰ বাসিন্দা  ।

ছ)মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি  ?
উওৰ :-দুয়ো জিঅ'লগ নামৰ ইটালিয়ান কোম্পানীটোৰ মাড়লগাৰ' ।তেলৰ বাবে চলোৱা খননকাৰ্যত 'মাড়লগিং' আহিলাসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ  ।

জ)ভেংকি ক'ত থাকে  ?
উওৰ :-ভেংকি লেখকৰ সহকৰ্মী আৰু তেওঁ বুশ্বেৰত থাকে  ।

ঝ)অবুজাৰ কোন?
উওৰ :-অবুজাৰ হৈছে টেভেল এজেণ্ট; তেওঁ লেখকৰ টহৰাণ যাত্ৰাৰ বাবে টিকেট কাটিবলৈ গৈছে ।

ট)আগা' শব্দৰ অৰ্থ  কি  ?
উত্তৰ :-আগা' শব্দটো শ্ৰীযুতৰ সমাৰ্থক সন্মানিত শব্দ  ।

ঠ)পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মুল প্ৰীসঠপোষক কোন আছিল  ?
উওৰ :-ইৰানৰ পাৰমানৱিক কাৰ্য্যসূচীৰ কেন্দ্ৰ হৈছে উত্তৰ দিশত অৱস্থিত নাটাণজৰ
ভূগৰ্ভৰ থকা প্ৰকল্প ।

ড)ইমানে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতিৰ লাভ কৰে  ?
উওৰ :-1979চনত বিখ্যাত ধৰ্মীয় বিপ্লবৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰ পৰা ইমানেই ইচলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে  ।

ঢ)ইৰানৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন ?
উওৰ :-ইমান আয়াতুললা খৰমৰনি এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক ।

ণ)ইৰানৰ কোণটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল?
উওৰ :-বুশ্বেৰ চহৰৰ পাৰমানৱিক গৱেষণাগাৰ থকা গোলাকৃতিৰ স্থাপত্যবিদ লেখকক কৌতুহলী কৰি তুলিছিল ।

ত)ইৰানৰ ৰাজধানীৰ নাম কি  ?
উওৰ :-টহৰাণ ।

থ)টেহৰাণত বিমান বন্দৰ কেইটা  ?
উওৰ :-দুটা । মেহৰাবাদ এয়াৰপৰ্ট খোমেনি ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট ।

দ)লেখক থকা টেহৰাণত হোটেলখনৰ নাম কি ?
উওৰ :-হোমা হোটেল ।

ধ)ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰৰ অবস্থিত  ?
উওৰ :-'সলাম বাৰবাৰিকে কি ?
উত্তৰ :- এটা বহুমাধ্যমৰ কোম্পানীৰ কাৰ্য্যালয় । একেই কোম্পানীটোৰ কাৰ্য্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে,দুলিয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেস্ক্যাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ আশেপাশে আছে ।
প)ইৰাণী সকলে নববৰ্সক কি বোলে  ?
উওৰ :-ন'ৰোজ (নতুন দিন)

ফ)বেহেষ্ট-ই-জাহৰা কি  ?
উত্তৰ :-টেহৰাণৰ এখন জনপ্ৰিয় ঠাই বেহেষ্ট-এই-জিহৰা। টেহৰাণক জানিবৰ কাৰনে এই ঠাই ভ্ৰমণ কৰা উচিত । ই এখন মুখ্য সমাধিস্থান । ইয়াত খোৱা -বোৱাৰ পৰা খেলপথাৰলৈ সকলো আছে ।

ব)শ্বিৰীণ ইবাডি কোন  ?
উওৰ :- শ্বিৰীণ ইবাডি হাল ন'বেল বিজয়ী । তেওঁলোকৰ পৰিয়ালৰ সদস্য এজনকো ইয়াতে সমাধিস্থ কৰা হৈছে । মানব অধিকাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ কঠোৰপনথীসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল ।মানব -অধিকাৰ সংগ্ৰামৰ বাবেই তেওঁ নোবেল বঁটা পায় ।
চেনি কোনে আবিষ্কাৰ কৰিছিল ?
উওৰ :-সম্ৰাট জামছেদে নবৰোজৰ কোনো এটা পবিত্ৰ দিনত চেনি আবিষ্কাৰ কৰিছিল ।

(ম)লেখক ইৰানলৈ কি দায়িত্ব লৈ গৈছিল  ?
উওৰ :-লেখকে তেলৰ উদঘাটনত ইৰানৰ চৰকাৰী তেল কোম্পানীৰ এগৰাকী মুখ্য বিষয়াক লগ ধৰিবৰ কাৰণে ইৰানলৈ গৈছিল । তেওঁৰ নাম আগা আশ্রোফজাদেক ,কোম্পানীটোৰ এগৰাকী তেল উদঘাটন ।

য)ইৰানৰ আনত ৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি ?

উওৰ :-খোমেনি ইন্টাৰনেশ্যনেল বিমান বন্দৰ ।

ৰ) 'কেন্দ' ৰ অৰ্থ কি  ?

 উত্তৰ :-    কেন্দ পাৰছি শব্দ,যাৰ অৰ্থ চেনি । ইংৰাজীত ইয়াক কান্দি বোলে ।

প্ৰশ্ন 2/তেলৰ বাবে চলোৱা  খনন কাৰ্য্যত মাড়লগিং 'আহিলাসমূহৰ ভূমিকা কি ?
উত্তৰ :-তেলৰ বাবে চলোৱা খনন কাৰ্য্যত মাড়লগিং আহিলাসমূহৰ গোৰোতপোৰন!ভূমিকা আছে । এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আবিষ্কাৰ ত আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কৰাত সহায় কৰিব । ভূতত্ববিদৰ বাবে ই এক গুৰুত্বপূৰ্ণ সজুলি ।


প্ৰশ্ন 3/বুশ্বেৰ চহৰৰ এটি বৰ্ননা দিয়া  ?    M.Q1015
উত্তৰ :- বুশ্বেৰ হৈছে এখনি বন্দৰ নগৰী । বুশ্বেৰ ৰ তাপ মাএ 40 ডিগ্ৰী চেন্ট্ৰিগেডৰ ওপৰত । বন্দৰত । বন্দৰটো অধিক ব্যস্ত নহয় যদিও ইয়াৰ এটা বিশেষ গুৰুত্ব আছে ।ই ইৰানৰ এটা সামৰিক ঘাটি । তাতে বুশ্বেৰত এটা যদিও ইয়াৰ এটা বিশেষ গুৰুত্ব আছে ।
তেলৰ উদঘাটনৰ কামত যোৱা লেখক গোস্বামীয়ে গম পাইছিল যে বুশ্বেৰ ৰ কোনোবা এঠাইত পাৰমানৱিক গবেষনা চলি আছে । তেওঁ ডাটা ইনজিনিযেৰ জাভাৰ মুখেদি বুশ্বেৰত এটা ৰিয়েকটৰ থকা বুলি  পাইছিল । সেযে বুশ্বেৰত থকা গোলাকৃতিৰ স্থাপত্যটোবে লেখকক আকৰ্ষিত কৰিছিল । বুশ্বেৰ এখন পৰিকল্পিত সৰু চহৰ । চাৰি লেন যুক্ত পৰিচকাৰ আৰু পৰিকল্পিত চহৰ খনৰ গোৰোতপোৰন সৰু চহৰ হলেও ।

প্ৰশ্ন 4/ইৰানৰ ইতিহাসৰ বিষয়ে চমুকৈ লখা   ?
উত্তৰ :- ইৰানৰ মানব সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহী । পুৰনি ঐতিহাসিক সাংস্কৃতিক আৰু কীৰ্তিস্তম্ভৰ যোগেদি ইৰানৰ প্ৰাচীন সভ্যতা আজিও সহিব হৈ আছে । প্ৰায় চাৰি হাজাৰ বছৰ পুৰ্বে ইৰানলৈ আৰ্য গোষ্ঠীৰ লোকসকল বসবাস কৰিবলৈ আহিছিল । খ্ৰীষ্টপূৰ্ব ছস শতিকামান পূৰ্বে বিখ্যাত ৰজা ছাইৰাছে 529ত ছাইৰাছৰ মৃত্যু হোৱাত আলেকজেণ্ডাৰৰ আগমনে ছাইৰাছৰ পাছৰছেলিছ সাম্ৰাজ্যৰ পতন ঘটাইছিল । খ্ৰীষ্টপূৰ্ব দিতিয় শতিকালৈকে গ্ৰীক শাসনৰ পাচত পাথৰথিযাসকলে ইৰানৰ শাসন ভাৰ লৈছিল । তেওঁলোকৰ শাসন কালত জোৰাষ্টিযান ধৰ্মই ৰাজধৰম হিচাপে চিকৃতি লাভ কৰিছল । 350বছৰীযা পাৰথিযান শাসনৰ পাচত ছাজানিসকলে চাৰিটা শতিকা ইৰান শাসনকৰিচিল । আৰবসকলে ইৰানলৈ ইচলাম ধৰমৰ আগমন ঘটাইছিল আৰো কিছুকাল পাচত ইচলামক ইৰানৰ মুখ্যধৰমীৰোপে চিকৃতী হৈছিল । কেইবা সতিকাজুৰি চলা আগৰ শাসনৰ পৰবৰ্তীকালত বহুতো বিদেশী শক্তিৰ আক্ৰমণত আৰব বিধবস্ত হৈছিল । চাফাভিদ বংশৰ শাসন কালত ইৰাণে পূৰ্বৰ খেয়াতি কছু পৰিমাণে ঘুৰাই পাবলৈ সক্ষম হৈছিল । থাপত্যৰ পতি শ্বাহ তাপধবজ  (প্ৰথম )ৰ বিশেষ অনুৰাগ আছিল । তেওঁৰ দিনত ইছলম ধৰম সম্প্ৰদায়ে ৰাজধৰম খিতাপ লাভ কৰিছিল । পৰবৰ্তি কালত আফগানিস্তানৰ আক্ৰমণৰ বাবে চাফাভিদ ৰাজত্বৰ পতন ঘৰে । ইৰানৰ শাসকসকলক কথা আলোচনা কৰিলে মনলৈ ভাহি অহা শাসকজন হল নাদিৰ শ্বাহ । তেওঁৰ বেছিদিন ৰাজত্ব কৰা নাছিল  (1737-47)। কিন্ত তেওঁৰ ৰাজত্বই আমাৰ দেশত বিভীষিকাৰ সৃষ্টি কৰিছিল । তেওঁ আফগানিস্তানৰ পাছত ভাৰত আক্ৰমণ কৰিছিল আৰো মোগল সম্ৰাট মহম্মদ শ্বাহক পৰাস্ত কৰি  (1739)এটা বিশাল ৰাজভৰাল লুট কৰিছিল । তেওঁ বহুতো নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ,হীৰা ,মুক্তা আদিৰ উপৰি হাতি ঘোৰা উটলৈ গৈছিল ।নাদিৰ শ্বাহৰ পিছত দুটা শাসকবংশৰ মাজত সংঘাত হয় আৰু 1790খ্যীষ্টাবদত কাজাৰ বংশ জয় হয় আৰু তেওঁলোকে প্ৰথমে বিশ্বযুদ্ধলৈকে ৰাজত্ব কৰে । কেইবা শতিকাজুৰি আৰবৰ ৰাজত্বৰ অধিন হোবাৰ বাবে ইৰানৰ সম্পৰ্ক আন দেশৰ সৈতে নোহোৱাৰ দৰেই হৈছিল । প্ৰথম বিশ্বযুদ্ধৰ পিছত ৰেহাশ্বাহ পাহলাভিযে ইৰানৰ শাসনভাৰ হাতত ললে আৰু তেতিয়াৰে পৰা আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে । 1941 চনত ছোভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰানৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল । আছাৰ নদীৰ উওৰে থকা সকলো অনচল ছোভিয়েট ৰাছিয়াই দখল কৰিছিল । ইৰাণৰ তৈলক্ষেত্ৰৰ ব্যৱসায়িক চৰত ইংলেণ্ডে লাভ কৰিছিল । প্ৰকৃততে ইৰানৰ শাসন শক্তি হিন হৈ পৰিছিল ।1979চনৰ বিখ্যাত ধৰ্মীয় বিপ্লবৰ   ফলচৰুপে পহিলা এপ্ৰিলৰ পৰা ইৰাণে ইচলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে । বিপ্লবৰ নেতা ইমাম আয়াতুলাৰ খোমেনি এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক । ধৰ্মীয় বিপ্লবে দেশখনৰ আভ্যন্তৰীণ ব্যৱস্থাত অমুলপৰিবৰতন আনি দিলে । শ্বাহৰ শাসন কালত যিখন দেশৰ আদব -কায়দা পছিমীয়া দেশৰ দৰে হৈ পৰিল । হঠাতে সেইখন দেশৰ সমদ্ধ বহুতৰে সতে ছেদ হল । আমেৰিকা তেওঁলোকৰ শক্ৰৰ দৰে হৈ পৰিল । আৰবৰ দেশবোৰৰ সৈতে বৈদেশিক নীতিগত পাৰ্থক্যৰ বাবে ইৰানৰ ব্যৱসায়-বানিজ্য হ্ৰাস পালে । তেনে সময়তে ইৰাকৰ সৈতে হোৱা দীঘলীয়া যুদ্ধত দুয়োখন দেশৰে প্ৰচুৰ ক্ষতি হল । এই সময়ত এবছৰ জুৰি আমেৰিকাৰ নৌসেনাৰ সৈতে যুদ্ধ হল । এনেবোৰ কাৰণত দেশখন বহুত পিছুৱাই গল । প্ৰচুৰ তৈলভানডাৰ থকা সত্বেও দেশখনে সম্পদসমূহ সঠিকভাৱে আহৰণ কৰি নিজৰ বিকাশত ব্যৱহাৰ কৰিব নোৱাৰিলে ।


প্ৰশ্ন 5/ইৰানৰ ভূতত্বৰ বিষয়ে লিখা  ?
উওৰ :- ইৰানৰ ভূতত্বৰ বিভিন্ন যুগৰ বিভিন্ন শিলাত তেল আৰু গৈছ পোৱা জায় ।পাৰস্য উপসাগৰ আৰু উওৰ -পশ্চিম আহবাজৰ ওচৰে -পাজৰে বহুতো তৈলক্ষেত্ৰ আছে আৰু আনহাতে ইৰানত কেইবাখনো গেছ উৎপাদনকাৰী তৈলক্ষেত্ৰ আছে । পাৰস্য উপসাগৰীয এলেকাত মধ্যজীবি মহাকলপৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে ।


প্ৰশ্ন 6/ জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা  ?
উওৰ :- ডুবাইৰ পৰা বুশ্বেৰ অভিমুখে আকাশীপথেৰে যাওতে যাত্ৰীসকলক জাগ্ৰছ পৰ্বতমালাই সততে আকষৰ্ণ কৰে । এই পাঠৰ ৰচক গোস্বামীকো বিশেষভাৱে পৰ্বতমালাৰ আকৰ্ষণ কৰিছিল । জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একে । এই জাগ্ৰছৰ দক্ষিণ-পশচিম দিশ সনচিৎ হৈ আছে বিৰাট তেল আৰু তৈলক্ষেত্ৰ আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বাৰ বহুতো দেশ নিৰ্ভৰশীল ।

প্ৰশ্ন 7/ইৰানৰ কেইখনমান ঠাইৰ নাম লিখা  ?
উত্তৰ :- তেলৰ উদঘাটনত ইৰানলৈ অহাৰে পৰা কিছুমান শব্দ কিছুমান ঠাইৰ নাম লেখকৰ চিনাকি হৈ পৰিছিল । কোনোবা মানুহক লগ পালেই তেওঁ জানিবলৈ বিচাৰে যে মানুহজন কোনলানি পাহাৰৰ ওচৰত থাকে জাগ্ৰছৰ এই পাৰে নে সিপাৰে । আনহাতে ছিৰাজ ,আহবাজ, ইচফাহান,নাটাণজ, মাছাদয়াজ ,টাবৰিজ, সমাধন , কাৰমান , আৰডাবিল ,আদি ঠাইখ নামবোৰ তেওঁৰ চিনাকি হৈ পৰিছে । তাতোকৈ আদৰৰ হৈ পৰিছে কেইটামান ফাৰ্চী শব্দ - খেলে মানুহৰ, মেৰচি ,ছালাম ,ছাববাখেৰ ইত্যাদি ।

প্ৰশ্ন 8/টেহৰাণৰ বিমানবন্দৰ কেইটা আৰু কি কি আৰু কোন কোন স্থানত অৱস্থিত  ?

উত্তৰ :- টেহৰাণৰ দুটা বিমানবন্দৰ আছে -মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট । মেহৰাবাদ বিমানবন্দৰটো চহৰত অনুষ্ঠিত । আনহাতে খোমেনি বিমানবন্দৰটো চহৰৰ পৰা দূৰত ।

প্ৰশ্ন 9/টেহৰাণৰ প্ৰাকৃতিক অবস্থা কেনেকুৱা লিখা  ?
উত্তৰ :-টেহৰাণৰ মৃদু শীতল বতাহে লেখকক টেহৰাণলৈ আদৰণি জনালে । টেহৰাণ এখন পৰিকল্পিত চহৰ । লেখকে পুৱাৰ টেহৰাণৰ দৃশ্য উপভোগ কৰিলে । চহৰৰ কাষতে ওখ পাহাৰ, সুৰুযৰ চুমাত সেইবোৰ জিলিকি উঠিছে । অতদিনে ইৰান বুলিলে মৰুভূমিৰ ধাৰনাটো প্ৰকট হৈ উঠিচিল । পাছত গম পোৱা  গৈছিল  যে টেহৰাণক বহুতে পেৰিছৰ লগত তুলনা কৰে । ওখ ওখ পৰ্বতেৰে পৰিবেশটিত হোৱা বাবে টেহৰাণখন অতি সুন্দৰ । গ্ৰীষ্মৰ দুটা মাহৰ বাহিৰে বাকি সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰাম দায়ক । শীতকালত ইযাত বৰফ পৰে । টেহৰাণক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলবোৰোন পৰবতৰাশিযে । মহানগৰীৰ বাবে খোৱাপানী আহে পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰ পৰা ।

প্ৰশ্ন 10 / ইসলাম বাৰজাৰ কোম্পানীৰ কাৰ্যালয় কত কত আছে   ?
উওৰ :- ইসলাম বাৰজাৰ এটা বহুৰাষ্টীয কোম্পানী আৰু এই   কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে ,দুলিয়াজানৰ পৰা ডুবাইলৈকে  টেহৰাণৰ পৰা টেস্ক্যাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে -পাজৰে আছেই । এক অৰ্থত তৈল উদ্যোগৰ এই কোম্পানী ঘনিষ্ঠভাৱে জড়িত । তেল উদ্যোগৰ বিকাশত এই কোম্পানীৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে ।     

https://www.blogger.  class 11 questions answer link 

Im a all fhemash goru sur

Class IX Assamis questions answered. দৃশান্তৰ

                 (গোট 5)          (খ) দেশান্তৰ                                                 কবি--হৰেকৃষ্ণ ডেকা   শব্দাৰ্থ আৰু টোকা ...

goruchurdhruba.blogspot.com/?m