Thursday 9 January 2020

Class IX Assamis questions answered. দৃশান্তৰ

         
       (গোট 5)          (খ) দেশান্তৰ

                                                কবি--হৰেকৃষ্ণ ডেকা
  শব্দাৰ্থ আৰু টোকা
কাকিনী তামোল :   বৰ উখ তামুল।
দাহ                 :পোৰণি,পোৰা কায্য,দহন,শোক,সন্তাপ।
দৃশ্যানতৰ         :ভিন্ন বা অন্য দৃশ্য ।
যক্ষ্মা               :পুতি থোৱা ধন সোণ ৰাখি থাকে বুলি ভবা অপদেৱতা,অতিশয় কৃপনালি লোক ।
-------------------------------×-----------------------------------

                       পাঠ ভিকতি প্ৰশ্নোত্তৰ

প্ৰশ্ন 1/চমু উত্তৰ দিয়া :
(ক)কবিয়ে কিমান বছৰ পিছত মানুহৰ জনক লগ পাইছিল?
উওৰ  :-পঁচিশ বছৰ পিছত ।

(খ)নিজৰ ঘৰ বিচাৰি নোপোৱা মানু জন কুন আছিল?
উওৰ  :-কবিয়ে উল্লেখ কৰা মতে নিজৰ ঘৰ বিচাৰি নোপোৱা মানু জন আছিল কুকুৰীকণা । পৰিপূৰ্ণ জোনাকৰ পোহৰতো তেওঁৰ পদুলিত থকা পঁজা ঘৰটো বিচাৰি নোপোৱাত কবিয়ে তেঁওক হাতত ধৰি আগুৱাই দিছিল ।

(গ)কবিয়ে লগ পোৱা বৃদ্ধ কুঁজা মানুহজনক লগপোৱা আলি কেকুৰিটো কেনেকুৱা আছিল?
উওৰ  :-কবিয়ে লগ পোৱা আলি কেকুৰিটো কেঁচা আছিল ।

প্ৰশ্ন 2/ সাতবছৰীয়া ঘৰৰ বাহিৰত ৰৈ মানুহ জনে কৰিব সৈতে কি কি কথা পাতিছিল তুমাৰ নিজৰ ভাষাত লিখা?
উওৰ  :-পঁচিশ বছৰ পিছত একেঠাইতে কবিয়ে আৰু এজন মানুহক লগ পালে বৃদ্ধ কুঁজা মানুহজন সানমিহলিয়া ঘৰৰ বাহিৰত ৰৈ আছিল ।কবিক দেখি সন্দেহপুৰ্ণ চাৱনিৰে চাই মানুজনে তেওঁৰ ভাৰাঘৰ বিচাৰি আহিছে নেকি বুলি সোধিলে ।তেওঁ লগতে কলে এই কুবেৰ মহলত ভাৰাঘৰ নাই থকিলেও তাত সুখত থাকিব পৰা নাই ।এই ঘৰটোত কিছুমান চাৰ্তপৰ মানুহ বাস কৰে ।এই বুলি কৈয়েই বৃদ্ধ মানুহজন সানমিহলিয়া ঘৰৰ ভিতৰলৈ সুমাই গল ।

প্ৰশ্ন 3/দৃশ্যানতৰ কবিতাটোৰ
মুল ভাব লিখা?           (MQ)2015)
    উত্তৰ   :-দৃশ্যানতৰ কবিতাটোত কবিয়ে পঁচিশ বছৰ আগতে আৰু পঁচিশ বছৰ পিছত দৃষ্টিগোচৰ হোৱা দুটা ভিন্ন দৃশ্যৰ অবতাৰণা কৰিছে ।সময় পৰিবৰ্তনৰ লগে লগে সমাজ জীৱনৰ যি পৰিবৰ্তন আহে সেই পৰিবৰ্তনে মানুহক বৈষয়িক সুখ -সমৃদ্ধি কৰিলেও আচলতে যে মানুহ প্ৰকৃত সুখৰ পৰা বঞ্চিত হয় হেই কথা কবিতা টোৰ দুটি ভিন্ন দৃশ্যৰ মাজেদি কবিয়ে প্ৰকাশ কৰিছে ।
পঁচিশ বছৰৰ আগতে জোনাকৰ পোহৰত নিজৰ পঁজাঘৰটো বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱা এগৰাকি মানুহক কবিয়ে হাতত ধৰি আগবঢ়াই দিওতে উক্ত পঁজা ঘৰটিতে তেওঁ অতি শান্তিত জীয়াই থকা বুলি মত প্ৰকাশ কৰিছিল । সুদীৰ্ঘ পঁচিশ বছৰৰ মুৰত কবিয়ে উক্ত স্থানত পঁজা ঘৰ কেঁচা, কাকিনী তামুল আৰু বাঁহগছ দেখা নাপালে । তাৰ পৰিৱৰ্তে এটি সানমিহলিয়া ঘৰৰ উচৰত গৈ তেওঁ উপস্থিত হৈছিল । সেই ঠাইত বহুতো অট্টালিকা গঢ় লৈ উঠিছিল আৰু মানুহ বোৰে ব্যস্ততাৰে নিজৰ কৰ্তব্য সম্পাদনা কৰিছিল । অচিনাকি কবিক দেখি মানুহজনে তেওঁক ভাৰাঘৰ বিচাৰি যোৱা বুলি সন্দেহ কৰি তেওঁক এই কুবেৰৰ মহলাত ঘৰ নাই আৰু থাকিলেও ইয়াত কোনো ধৰনৰ শান্তি নাই বুলি সতৰ্ক কৰি দিছিল ।
       দুটি দৃশ্যৰ মাজেদি কবিয়ে গ্ৰাম্য জীৱনৰ সৰলতা আৰু সহজ আন্তৰিকতাৰ বিপৰিতে নাগৰিক সভ্যতাৰ বিকাশে সৃষ্টি কৰা কংক্ৰিটৰ অৰণ্যত যে মানুহ প্ৰকৃত সুখৰ পৰা বঞ্চিত হয় হেই কথা কবিতা টোৰ মাজেৰে প্ৰকাশ কৰিছে ।পঁচিশ বছৰ আগতে জোনাকৰ পোহৰত নিজৰ পঁজাঘৰটো বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱা এগৰাকি মানুহক কবিয়ে হাতত ধৰি আগুৱাই দিওতে উক্ত পঁজা ঘৰটিতে তেওঁ অতি সুখেৰে জীয়াই থকাবুলি মতপ্ৰকাশ কৰিছিল । সুদীৰ্ঘ পঁচিশ বছৰৰ মুৰত কবিয়ে উক্ত স্থানত পঁজা ঘৰ কেঁচা, কাকিনী তামোল আৰু বাঁহগছ দেখা নাপালে । তাৰ পৰিৱৰ্তে এটি সানমিহলিয়া ঘৰৰ উচৰত গৈ তেওঁউপস্থিত হৈছিল । সেই ঠাইত বহুতো অট্টালিকা গঢ লৈ উঠিছিল আৰু মানুহ বোৰে ব্যস্ততাৰে নিজৰ কৰ্তব্য সম্পাদনা কৰিছিল । অচিনাকি কবিক দেখি মানুহজনে তেওঁক ভাৰাঘৰ বিচাৰি যোৱা বুলি সন্দেহ কৰি তেওঁক এই কুবেৰৰ মহলাত ঘৰ নাই আৰু থাকিলেও ইয়াত কোনো ধৰনৰ শান্তি নাই বুলি সতৰ্ক কৰি দিছিল । দুটি দৃশ্যৰ মাজেদি কবিয়ে গ্ৰাম্য জীৱনৰ সৰলতা আৰু সহজ আন্তৰিকতাৰ বিপৰিতে নাগৰিক সভ্যতাৰ বিকাশে সৃষ্টি কৰা কংক্ৰিটৰ অৰণ্যত যে মানুহ প্ৰকৃত সুখ শান্তি লাভৰ পৰা বঞ্চিত সেই কথা সোঁৱৰাই দিছিল ।

প্ৰশ্ন 4/বৰ শান্তিত আছোঁ এই পঁজাটিত।'
       কোনে কিয় এইদৰে কৈছিল? কথাফাঁকি              অন্তৰ্নিহিত ভাব মুকলাই লিখা
  উওৰ :-  পঁচিশ বছৰৰ আগতে দৃশান্তৰ, কবিতাটিৰ কবি হৰেকৃষ্ণ ডেকাইগধুলি সময়ত এটা কেঁচা আলিৰ কেকুঁৰিত নঙলামুখত নিজৰ পদূলিটো বিচাৰি খেপিয়াই ফুৰা এজন মানুহ লগ পাইছিল । তেওঁনঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদুলি । এটা পঁজাঘৰৰ।
      সেই পঁজাঘৰটোৰ দাঁতিত কেইজোপামান কাকিনী- তামোল আলিবাটলৈ ধিয়াই থিয়হৈ আছিল। ঘৰৰ দাঁতিত আগলি বাহজোপাই তললৈ হাউলি নমস্কাৰ জনাইছিল । গ্ৰাম্য জীৱনৰ এনে শান্তিময় পঁজাটিত অকলশৰীয়া মানুহ জনক যেতিয়া কবিয়ে হাতত ধৰি প্ৰবেশকৰাই দিছিল, তেতিয়া কবিক তেওঁ কৈছিল যে এই পঁজা ঘৰটিতেই তেওঁ অতি সুখেৰে আছে । মানুহৰ কোলাহল নাই যদিও প্ৰকৃতিৰ নিবিড় পৰিবেশ । মানুহজনে কবিক এই কথা জনাইছিল ।

প্ৰশ্ন 5/ মৰিলেও দাহ কৰিবলৈও
        এজন মানুহ নাই ।'
  উওৰ :-  উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ সাহিত্য -সুবাসৰ অন্তগৰ্ত হৰেকৃষ্ণ ডেকা বিৰচিত দৃশান্তৰ কবিতাৰ পৰা তুলি দিয়া হৈছে । গ্ৰাম্য জীৱনৰ সৰলতা আৰু আন্তৰিকতাক ক্ৰমান্বয়ে আধুনিক জীৱনসৈলিয়ে গ্ৰাস কৰি আনিছে । মানুহবোৰ অধিক ব্যস্ত হৈ পৰিছে আৰু এই ব্যৱস্থাত ইন্ধন যোগাইছে আধুনিক জীৱনশৈলীয়ে । প্ৰতিযোগিতাৰে পৰিপূৰ্ণ এই জগতখনত মানুহবোৰ পেলাইছে । সেয়ে বিপদে আপদে কোনেও কাকো সহায় নকৰে । আনকি মানুহ মৰিলেও ওচৰ চুবুৰীয়াই সহায় কৰিবলৈও নাহে । এনে প্ৰসংগতে কবিয়ে উক্ত কথাখিনি কৈছে ।

(খ)  এই কংক্ৰীটৰ হাবিখনত তেওঁক
        বিচাৰি নাপালো আৰু ।'
     উওৰ :- উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দাৰা ৰচিত দৃশান্তৰ, শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে । মানুহবোৰ সৰু পঁজাঘৰত থাকোতেই অতি শান্তিত আচিল । পৰস্পৰে পৰস্পৰক সহায় কৰিছিল, মানুহৰ মাজত হ্ৰিদয়ৰ সম্পৰ্ক আছিল । কিন্তূ সময়ৰ পৰিবৰ্তনৰ লগে লগে কংক্ৰিটৰ অৰণ্যত পৰিনত হৈছে আমাৰ সমাজখনত । লগে লগে মানুহৰ হ্ৰিদয়ৰো কংক্ৰিটৰ পৰ্যবসিত হৈছে । সেয়ে অচিনাকি কবিক ঘৰ বিচাৰি অহা বুলি সতৰ্ক কৰি দিয়া মানুহজন সানমিহলিয়া কংক্ৰিটৰ অৰণ্যত হঠাতে কত লোকাই পৰিল কবিয়ে বিচাৰি পোৱাই নাই ।প্ৰেম আৰু আন্তৰিকতা নোহোৱা ঠাইত যে মানুহ কাহানিও সুখত থাকিব নোৱাৰে সেয়ে তাৰ নিদৰ্শন মাএ ।


Sunday 16 December 2018

Assamis Question Answer lesson 11 class x । মুক্তিমংগল ভটিমা পাঠ 11 অসমীয়া শ্ৰেণী দশম মান

           গোট 11      (ক) মুক্তিমংগল ভটিমা
                   ( কালিয় দমন নাটৰ পৰা )
                                 -শ্ৰীমন্ত শঙ্কৰদেৱে

-------------------------------------------------------------
                      পাঠ ভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন 1/চমুকৈ উত্তৰ দিয়া :
(ক)দৈৱকী উওৰে উদয যোহি দবা __ইয়াত 'যোহি দিয়া কাক কুবা হৈছে   ?

উত্তৰ :- শ্ৰীকৃষ্ণক ।

খ)কংসক ধবংসল প্ৰাণ '___কংসৰ প্ৰাণ কোনে ধবংস কৰিলে   ?

উত্তৰ :- শ্ৰীকৃষ্ণই ।

গ)শংখচূডক কোনে বধ কৰিছিল   ?

উওৰ :-  শ্ৰীকৃষ্ণই ।

ঘ)শ্ৰীৰাম ৰাইৰ প্ৰকৃত নাম কি  ?

উওৰ :-  শ্ৰীৰামচন্দ্ৰ ।

ঙ)দেউতাৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলিচে  ?

উওৰ :- মাধব আৰু শ্ৰীকৃষ্ণক ।

চ)ভটিমা টি কোনখন নাটৰ অন্তৰ্ভুক্ত  ?

উওৰ :-  কালিয়দমন নাটৰ পৰা ।

ছ)মুক্তি মংগল ভটিমা কোনে পাঠ কৰে  ?

উওৰ :- সূএধাৰ আৰু সহযোগীসকলে ।

প্ৰশ্ন 2/ভটিমা টিত উল্লেখ থকা অনুসৰি কৃষ্ণই বধ কৰা অসুৰ কেইটাৰ নাম লিখা  ?

উত্তৰ :-  ভটিমাটিত উল্লেখ কৰা অনুসৰি কৃষ্ণই অঘ ,বক ,ধেনুক , কেশী , কংস , অৰিচট , মুচটিক , শংখচূড আদি বিভিন্ন অসুৰ বধ কৰিছিল । শংকৰদেৱৰ ভাষাত
     
     অঘ-বক ধেনুক                কেশী ধবংশক
                   কংসক ধবংসল প্ৰাণ ।'
    দুচট অৰিচটক                  মুচটিক মোডল
                    শংখচূড লেল প্ৰাণ ।'ইত্যাদি

প্ৰশ্ন 3/তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা ।
ত্ৰাণ ?সৰদ , চন্দ্ৰ, মুকুতি ,কাহিনী, প্ৰাণ ,সাগৰ ।

উত্তৰ :- ত্ৰাণ ------- পৰী ত্ৰাণ
           শৰদ -------শদিয়
            চন্দ্ৰ --------চন্দ্ৰমা
         মুকুতি --------মুক্তি
         কাহিনী --------নাৰী, ইচতিৰি
           প্ৰাণ ---------জীৱন
         সাগৰ ---------সমুদ্ৰ
           নাব ---------নাও,নৌকা ।
প্ৰশ্ন 6/ তলত দিয়া  শব্দবোৰৰ আধুনিক ৰূপ লিখা  ।

কয়লি , সোহি,  যোহি, যাকেৰি , ভেলহ ।

উওৰ :- কয়লি ----কৰিলে
         
             সোহি -----সেই

             যোহি ------যেই

              যাকেৰি------সাৰ

             ভেলহ -------হল।

                 (  অতিৰিক্ত প্ৰশ্নোত্তৰ )
-------------------------------------------------------------
প্ৰশ্নৰ উওৰ লিখা ----

প্ৰশ্ন 1/শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল  ?

উত্তৰ :- 1449 চনত ।

প্ৰশ্ন2/শংকৰদেৱৰ সাহিত্যিক জীৱনৰ শ্ৰেষ্ঠ কীৰ্ত্তি কী  ?

উওৰ :- কীৰ্তন - ঘোষ ।

প্ৰশ্ন 3/মুক্তিমংগল ভটিমা পাঠটো কৰ পৰা লোৱা হৈছে  ?

উওৰ :- শংকৰদেৱৰ কালীয় দমন নাটৰ পৰা  ।

প্ৰশ্ন 4/শংকৰদেৱৰ নাটকৰ খংখ্যা কিমান  ?

উওৰ :- 6 খন ।

প্ৰশ্ন 5/শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল?

উওৰ :- 34 টা  ।

প্ৰশ্ন 6/ শংকৰদেৱৰ সংকৃত ভাষাত সংকলিত গ্ৰন্থ খনৰ নাম লিখা  ?

  উত্তৰ :- ভক্তি -ৰত্নাকৰ ।

প্ৰশ্ন 7/ শংকৰদেৱে ৰামায়ণ কোনটো কানড ৰচনা কৰিছিল  ?

উত্তৰ :-  উওৰাকানড ।

প্ৰশ্ন 8/ শংকৰদেৱৰ দুখন কাব্যৰ নাম লিখা  ?

উত্তৰ :- ৰুক্মিণীহৰন কাব্য  আৰু বলিচৰন ।

প্ৰশ্ন 9/ ভটিমা কেই প্ৰকাৰৰ আৰু কি কি  ?

উত্তৰ :- চাৰি প্ৰকাৰৰ : 1,দেব 2,ৰাজ 3,গুৰু 4,নাট ভটিমা  ।

10 /শংকৰদেৱৰ মাতৃৰ নাম কি  ?

উওৰ :- খেৰসুতী ।

প্ৰশ্ন 11/ শংকৰদেৱে টোলত কি  কি অধ্যয়ন কৰিছিল  ?

উওৰ :- শংকৰদেৱে চাৰিবেদ , চৈধ্য শাচএ আৰু ওঠৰ পুৰাণ অধ্যয়ন কৰি পানডীত্যৰ পৰিচ পৰিচয় দিছিল ।






Monday 3 December 2018

Class x Assamis Question Answer lesson 3 paroshiot Avhumuki

             Class x Assamise Question Answer



           _______
           (গোট)             (খ)পৰস্যত এভূমুকি
                                         কবি :- ৰবীন্দ্ৰনাথ গোস্বামী
             3
_____________________________________________
                                      (  পাঠ্যক্ৰম প্ৰশ্ন উওৰ )
1)চমুকৈ উওৰ দিয়া
(ক)লেখকে উল্লেখ কৰা মতে তেওলোকৰ ৰিগটো ক'ত আছে?
উওৰ :-পাৰস্য উপসাগৰত।

2)বুশ্বেৰ কি ?
উত্তৰ :-পাৰস্য উপসাগৰত অৱষ্ঠিত বন্দৰ নগৰী ।

গ)বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল  ?

উওৰ :-লেখক গোস্বামীৰ লগত আৰু দুজন ব্যক্তি আছিল; তেওঁলোক হল মেহদি আৰু ঘাছেম ।তেওঁলোকৰ তিনিও বুশ্বেৰ বন্দৰত অবতাৰণ কৰে ।

ঘ)বুশ্বেৰ বিমান বান্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে ?

উত্তৰ :-বন্দৰটো হৈছে ইৰানৰ এটা সামৰিক ঘাটি  । সেযে ইয়াৰ বিশেষ গুৰুত্ব আছে ।

ঙ)লেখকে বুশ্বেৰত কি আছে বুলি হোনিছে ?
উওৰ :-লেখকে বুশ্বেৰত এটা নিউক্লিয় ৰিয়েকটৰ থকাও উল্লেখ কৰিছে  ।

চ)মেহদি আৰু ঘাছেম কোন  ?
উওৰ :-লোকৰ সহযাত্ৰী, দুয়োজন ইৰাণী যুবক  । তেওঁলোক তৈলনগৰী আহবাজৰ বাসিন্দা  ।

ছ)মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি  ?
উওৰ :-দুয়ো জিঅ'লগ নামৰ ইটালিয়ান কোম্পানীটোৰ মাড়লগাৰ' ।তেলৰ বাবে চলোৱা খননকাৰ্যত 'মাড়লগিং' আহিলাসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ  ।

জ)ভেংকি ক'ত থাকে  ?
উওৰ :-ভেংকি লেখকৰ সহকৰ্মী আৰু তেওঁ বুশ্বেৰত থাকে  ।

ঝ)অবুজাৰ কোন?
উওৰ :-অবুজাৰ হৈছে টেভেল এজেণ্ট; তেওঁ লেখকৰ টহৰাণ যাত্ৰাৰ বাবে টিকেট কাটিবলৈ গৈছে ।

ট)আগা' শব্দৰ অৰ্থ  কি  ?
উত্তৰ :-আগা' শব্দটো শ্ৰীযুতৰ সমাৰ্থক সন্মানিত শব্দ  ।

ঠ)পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মুল প্ৰীসঠপোষক কোন আছিল  ?
উওৰ :-ইৰানৰ পাৰমানৱিক কাৰ্য্যসূচীৰ কেন্দ্ৰ হৈছে উত্তৰ দিশত অৱস্থিত নাটাণজৰ
ভূগৰ্ভৰ থকা প্ৰকল্প ।

ড)ইমানে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতিৰ লাভ কৰে  ?
উওৰ :-1979চনত বিখ্যাত ধৰ্মীয় বিপ্লবৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰ পৰা ইমানেই ইচলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে  ।

ঢ)ইৰানৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন ?
উওৰ :-ইমান আয়াতুললা খৰমৰনি এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক ।

ণ)ইৰানৰ কোণটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল?
উওৰ :-বুশ্বেৰ চহৰৰ পাৰমানৱিক গৱেষণাগাৰ থকা গোলাকৃতিৰ স্থাপত্যবিদ লেখকক কৌতুহলী কৰি তুলিছিল ।

ত)ইৰানৰ ৰাজধানীৰ নাম কি  ?
উওৰ :-টহৰাণ ।

থ)টেহৰাণত বিমান বন্দৰ কেইটা  ?
উওৰ :-দুটা । মেহৰাবাদ এয়াৰপৰ্ট খোমেনি ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট ।

দ)লেখক থকা টেহৰাণত হোটেলখনৰ নাম কি ?
উওৰ :-হোমা হোটেল ।

ধ)ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰৰ অবস্থিত  ?
উওৰ :-'সলাম বাৰবাৰিকে কি ?
উত্তৰ :- এটা বহুমাধ্যমৰ কোম্পানীৰ কাৰ্য্যালয় । একেই কোম্পানীটোৰ কাৰ্য্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে,দুলিয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেস্ক্যাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ আশেপাশে আছে ।
প)ইৰাণী সকলে নববৰ্সক কি বোলে  ?
উওৰ :-ন'ৰোজ (নতুন দিন)

ফ)বেহেষ্ট-ই-জাহৰা কি  ?
উত্তৰ :-টেহৰাণৰ এখন জনপ্ৰিয় ঠাই বেহেষ্ট-এই-জিহৰা। টেহৰাণক জানিবৰ কাৰনে এই ঠাই ভ্ৰমণ কৰা উচিত । ই এখন মুখ্য সমাধিস্থান । ইয়াত খোৱা -বোৱাৰ পৰা খেলপথাৰলৈ সকলো আছে ।

ব)শ্বিৰীণ ইবাডি কোন  ?
উওৰ :- শ্বিৰীণ ইবাডি হাল ন'বেল বিজয়ী । তেওঁলোকৰ পৰিয়ালৰ সদস্য এজনকো ইয়াতে সমাধিস্থ কৰা হৈছে । মানব অধিকাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ কঠোৰপনথীসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল ।মানব -অধিকাৰ সংগ্ৰামৰ বাবেই তেওঁ নোবেল বঁটা পায় ।
চেনি কোনে আবিষ্কাৰ কৰিছিল ?
উওৰ :-সম্ৰাট জামছেদে নবৰোজৰ কোনো এটা পবিত্ৰ দিনত চেনি আবিষ্কাৰ কৰিছিল ।

(ম)লেখক ইৰানলৈ কি দায়িত্ব লৈ গৈছিল  ?
উওৰ :-লেখকে তেলৰ উদঘাটনত ইৰানৰ চৰকাৰী তেল কোম্পানীৰ এগৰাকী মুখ্য বিষয়াক লগ ধৰিবৰ কাৰণে ইৰানলৈ গৈছিল । তেওঁৰ নাম আগা আশ্রোফজাদেক ,কোম্পানীটোৰ এগৰাকী তেল উদঘাটন ।

য)ইৰানৰ আনত ৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি ?

উওৰ :-খোমেনি ইন্টাৰনেশ্যনেল বিমান বন্দৰ ।

ৰ) 'কেন্দ' ৰ অৰ্থ কি  ?

 উত্তৰ :-    কেন্দ পাৰছি শব্দ,যাৰ অৰ্থ চেনি । ইংৰাজীত ইয়াক কান্দি বোলে ।

প্ৰশ্ন 2/তেলৰ বাবে চলোৱা  খনন কাৰ্য্যত মাড়লগিং 'আহিলাসমূহৰ ভূমিকা কি ?
উত্তৰ :-তেলৰ বাবে চলোৱা খনন কাৰ্য্যত মাড়লগিং আহিলাসমূহৰ গোৰোতপোৰন!ভূমিকা আছে । এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আবিষ্কাৰ ত আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কৰাত সহায় কৰিব । ভূতত্ববিদৰ বাবে ই এক গুৰুত্বপূৰ্ণ সজুলি ।


প্ৰশ্ন 3/বুশ্বেৰ চহৰৰ এটি বৰ্ননা দিয়া  ?    M.Q1015
উত্তৰ :- বুশ্বেৰ হৈছে এখনি বন্দৰ নগৰী । বুশ্বেৰ ৰ তাপ মাএ 40 ডিগ্ৰী চেন্ট্ৰিগেডৰ ওপৰত । বন্দৰত । বন্দৰটো অধিক ব্যস্ত নহয় যদিও ইয়াৰ এটা বিশেষ গুৰুত্ব আছে ।ই ইৰানৰ এটা সামৰিক ঘাটি । তাতে বুশ্বেৰত এটা যদিও ইয়াৰ এটা বিশেষ গুৰুত্ব আছে ।
তেলৰ উদঘাটনৰ কামত যোৱা লেখক গোস্বামীয়ে গম পাইছিল যে বুশ্বেৰ ৰ কোনোবা এঠাইত পাৰমানৱিক গবেষনা চলি আছে । তেওঁ ডাটা ইনজিনিযেৰ জাভাৰ মুখেদি বুশ্বেৰত এটা ৰিয়েকটৰ থকা বুলি  পাইছিল । সেযে বুশ্বেৰত থকা গোলাকৃতিৰ স্থাপত্যটোবে লেখকক আকৰ্ষিত কৰিছিল । বুশ্বেৰ এখন পৰিকল্পিত সৰু চহৰ । চাৰি লেন যুক্ত পৰিচকাৰ আৰু পৰিকল্পিত চহৰ খনৰ গোৰোতপোৰন সৰু চহৰ হলেও ।

প্ৰশ্ন 4/ইৰানৰ ইতিহাসৰ বিষয়ে চমুকৈ লখা   ?
উত্তৰ :- ইৰানৰ মানব সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহী । পুৰনি ঐতিহাসিক সাংস্কৃতিক আৰু কীৰ্তিস্তম্ভৰ যোগেদি ইৰানৰ প্ৰাচীন সভ্যতা আজিও সহিব হৈ আছে । প্ৰায় চাৰি হাজাৰ বছৰ পুৰ্বে ইৰানলৈ আৰ্য গোষ্ঠীৰ লোকসকল বসবাস কৰিবলৈ আহিছিল । খ্ৰীষ্টপূৰ্ব ছস শতিকামান পূৰ্বে বিখ্যাত ৰজা ছাইৰাছে 529ত ছাইৰাছৰ মৃত্যু হোৱাত আলেকজেণ্ডাৰৰ আগমনে ছাইৰাছৰ পাছৰছেলিছ সাম্ৰাজ্যৰ পতন ঘটাইছিল । খ্ৰীষ্টপূৰ্ব দিতিয় শতিকালৈকে গ্ৰীক শাসনৰ পাচত পাথৰথিযাসকলে ইৰানৰ শাসন ভাৰ লৈছিল । তেওঁলোকৰ শাসন কালত জোৰাষ্টিযান ধৰ্মই ৰাজধৰম হিচাপে চিকৃতি লাভ কৰিছল । 350বছৰীযা পাৰথিযান শাসনৰ পাচত ছাজানিসকলে চাৰিটা শতিকা ইৰান শাসনকৰিচিল । আৰবসকলে ইৰানলৈ ইচলাম ধৰমৰ আগমন ঘটাইছিল আৰো কিছুকাল পাচত ইচলামক ইৰানৰ মুখ্যধৰমীৰোপে চিকৃতী হৈছিল । কেইবা সতিকাজুৰি চলা আগৰ শাসনৰ পৰবৰ্তীকালত বহুতো বিদেশী শক্তিৰ আক্ৰমণত আৰব বিধবস্ত হৈছিল । চাফাভিদ বংশৰ শাসন কালত ইৰাণে পূৰ্বৰ খেয়াতি কছু পৰিমাণে ঘুৰাই পাবলৈ সক্ষম হৈছিল । থাপত্যৰ পতি শ্বাহ তাপধবজ  (প্ৰথম )ৰ বিশেষ অনুৰাগ আছিল । তেওঁৰ দিনত ইছলম ধৰম সম্প্ৰদায়ে ৰাজধৰম খিতাপ লাভ কৰিছিল । পৰবৰ্তি কালত আফগানিস্তানৰ আক্ৰমণৰ বাবে চাফাভিদ ৰাজত্বৰ পতন ঘৰে । ইৰানৰ শাসকসকলক কথা আলোচনা কৰিলে মনলৈ ভাহি অহা শাসকজন হল নাদিৰ শ্বাহ । তেওঁৰ বেছিদিন ৰাজত্ব কৰা নাছিল  (1737-47)। কিন্ত তেওঁৰ ৰাজত্বই আমাৰ দেশত বিভীষিকাৰ সৃষ্টি কৰিছিল । তেওঁ আফগানিস্তানৰ পাছত ভাৰত আক্ৰমণ কৰিছিল আৰো মোগল সম্ৰাট মহম্মদ শ্বাহক পৰাস্ত কৰি  (1739)এটা বিশাল ৰাজভৰাল লুট কৰিছিল । তেওঁ বহুতো নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ,হীৰা ,মুক্তা আদিৰ উপৰি হাতি ঘোৰা উটলৈ গৈছিল ।নাদিৰ শ্বাহৰ পিছত দুটা শাসকবংশৰ মাজত সংঘাত হয় আৰু 1790খ্যীষ্টাবদত কাজাৰ বংশ জয় হয় আৰু তেওঁলোকে প্ৰথমে বিশ্বযুদ্ধলৈকে ৰাজত্ব কৰে । কেইবা শতিকাজুৰি আৰবৰ ৰাজত্বৰ অধিন হোবাৰ বাবে ইৰানৰ সম্পৰ্ক আন দেশৰ সৈতে নোহোৱাৰ দৰেই হৈছিল । প্ৰথম বিশ্বযুদ্ধৰ পিছত ৰেহাশ্বাহ পাহলাভিযে ইৰানৰ শাসনভাৰ হাতত ললে আৰু তেতিয়াৰে পৰা আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে । 1941 চনত ছোভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰানৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল । আছাৰ নদীৰ উওৰে থকা সকলো অনচল ছোভিয়েট ৰাছিয়াই দখল কৰিছিল । ইৰাণৰ তৈলক্ষেত্ৰৰ ব্যৱসায়িক চৰত ইংলেণ্ডে লাভ কৰিছিল । প্ৰকৃততে ইৰানৰ শাসন শক্তি হিন হৈ পৰিছিল ।1979চনৰ বিখ্যাত ধৰ্মীয় বিপ্লবৰ   ফলচৰুপে পহিলা এপ্ৰিলৰ পৰা ইৰাণে ইচলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে । বিপ্লবৰ নেতা ইমাম আয়াতুলাৰ খোমেনি এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক । ধৰ্মীয় বিপ্লবে দেশখনৰ আভ্যন্তৰীণ ব্যৱস্থাত অমুলপৰিবৰতন আনি দিলে । শ্বাহৰ শাসন কালত যিখন দেশৰ আদব -কায়দা পছিমীয়া দেশৰ দৰে হৈ পৰিল । হঠাতে সেইখন দেশৰ সমদ্ধ বহুতৰে সতে ছেদ হল । আমেৰিকা তেওঁলোকৰ শক্ৰৰ দৰে হৈ পৰিল । আৰবৰ দেশবোৰৰ সৈতে বৈদেশিক নীতিগত পাৰ্থক্যৰ বাবে ইৰানৰ ব্যৱসায়-বানিজ্য হ্ৰাস পালে । তেনে সময়তে ইৰাকৰ সৈতে হোৱা দীঘলীয়া যুদ্ধত দুয়োখন দেশৰে প্ৰচুৰ ক্ষতি হল । এই সময়ত এবছৰ জুৰি আমেৰিকাৰ নৌসেনাৰ সৈতে যুদ্ধ হল । এনেবোৰ কাৰণত দেশখন বহুত পিছুৱাই গল । প্ৰচুৰ তৈলভানডাৰ থকা সত্বেও দেশখনে সম্পদসমূহ সঠিকভাৱে আহৰণ কৰি নিজৰ বিকাশত ব্যৱহাৰ কৰিব নোৱাৰিলে ।


প্ৰশ্ন 5/ইৰানৰ ভূতত্বৰ বিষয়ে লিখা  ?
উওৰ :- ইৰানৰ ভূতত্বৰ বিভিন্ন যুগৰ বিভিন্ন শিলাত তেল আৰু গৈছ পোৱা জায় ।পাৰস্য উপসাগৰ আৰু উওৰ -পশ্চিম আহবাজৰ ওচৰে -পাজৰে বহুতো তৈলক্ষেত্ৰ আছে আৰু আনহাতে ইৰানত কেইবাখনো গেছ উৎপাদনকাৰী তৈলক্ষেত্ৰ আছে । পাৰস্য উপসাগৰীয এলেকাত মধ্যজীবি মহাকলপৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে ।


প্ৰশ্ন 6/ জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা  ?
উওৰ :- ডুবাইৰ পৰা বুশ্বেৰ অভিমুখে আকাশীপথেৰে যাওতে যাত্ৰীসকলক জাগ্ৰছ পৰ্বতমালাই সততে আকষৰ্ণ কৰে । এই পাঠৰ ৰচক গোস্বামীকো বিশেষভাৱে পৰ্বতমালাৰ আকৰ্ষণ কৰিছিল । জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একে । এই জাগ্ৰছৰ দক্ষিণ-পশচিম দিশ সনচিৎ হৈ আছে বিৰাট তেল আৰু তৈলক্ষেত্ৰ আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বাৰ বহুতো দেশ নিৰ্ভৰশীল ।

প্ৰশ্ন 7/ইৰানৰ কেইখনমান ঠাইৰ নাম লিখা  ?
উত্তৰ :- তেলৰ উদঘাটনত ইৰানলৈ অহাৰে পৰা কিছুমান শব্দ কিছুমান ঠাইৰ নাম লেখকৰ চিনাকি হৈ পৰিছিল । কোনোবা মানুহক লগ পালেই তেওঁ জানিবলৈ বিচাৰে যে মানুহজন কোনলানি পাহাৰৰ ওচৰত থাকে জাগ্ৰছৰ এই পাৰে নে সিপাৰে । আনহাতে ছিৰাজ ,আহবাজ, ইচফাহান,নাটাণজ, মাছাদয়াজ ,টাবৰিজ, সমাধন , কাৰমান , আৰডাবিল ,আদি ঠাইখ নামবোৰ তেওঁৰ চিনাকি হৈ পৰিছে । তাতোকৈ আদৰৰ হৈ পৰিছে কেইটামান ফাৰ্চী শব্দ - খেলে মানুহৰ, মেৰচি ,ছালাম ,ছাববাখেৰ ইত্যাদি ।

প্ৰশ্ন 8/টেহৰাণৰ বিমানবন্দৰ কেইটা আৰু কি কি আৰু কোন কোন স্থানত অৱস্থিত  ?

উত্তৰ :- টেহৰাণৰ দুটা বিমানবন্দৰ আছে -মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট । মেহৰাবাদ বিমানবন্দৰটো চহৰত অনুষ্ঠিত । আনহাতে খোমেনি বিমানবন্দৰটো চহৰৰ পৰা দূৰত ।

প্ৰশ্ন 9/টেহৰাণৰ প্ৰাকৃতিক অবস্থা কেনেকুৱা লিখা  ?
উত্তৰ :-টেহৰাণৰ মৃদু শীতল বতাহে লেখকক টেহৰাণলৈ আদৰণি জনালে । টেহৰাণ এখন পৰিকল্পিত চহৰ । লেখকে পুৱাৰ টেহৰাণৰ দৃশ্য উপভোগ কৰিলে । চহৰৰ কাষতে ওখ পাহাৰ, সুৰুযৰ চুমাত সেইবোৰ জিলিকি উঠিছে । অতদিনে ইৰান বুলিলে মৰুভূমিৰ ধাৰনাটো প্ৰকট হৈ উঠিচিল । পাছত গম পোৱা  গৈছিল  যে টেহৰাণক বহুতে পেৰিছৰ লগত তুলনা কৰে । ওখ ওখ পৰ্বতেৰে পৰিবেশটিত হোৱা বাবে টেহৰাণখন অতি সুন্দৰ । গ্ৰীষ্মৰ দুটা মাহৰ বাহিৰে বাকি সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰাম দায়ক । শীতকালত ইযাত বৰফ পৰে । টেহৰাণক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলবোৰোন পৰবতৰাশিযে । মহানগৰীৰ বাবে খোৱাপানী আহে পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰ পৰা ।

প্ৰশ্ন 10 / ইসলাম বাৰজাৰ কোম্পানীৰ কাৰ্যালয় কত কত আছে   ?
উওৰ :- ইসলাম বাৰজাৰ এটা বহুৰাষ্টীয কোম্পানী আৰু এই   কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে ,দুলিয়াজানৰ পৰা ডুবাইলৈকে  টেহৰাণৰ পৰা টেস্ক্যাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে -পাজৰে আছেই । এক অৰ্থত তৈল উদ্যোগৰ এই কোম্পানী ঘনিষ্ঠভাৱে জড়িত । তেল উদ্যোগৰ বিকাশত এই কোম্পানীৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে ।     

https://www.blogger.  class 11 questions answer link 

Wednesday 21 November 2018

Assamese Soliuson. lesson 2 Cllas 11

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পন


(ক)অতি চমু প্ৰশ্ন :(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-1)

1/ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পন শীৰ্ষক পাঠটি কৰা পৰা সংগ্ৰহ কৰা হৈছে? 
উওৰ:-  পদ্মনাথ গোহাঞিবৰুৱাৰ মোৰ সোঁৱৰণি নামৰ আত্মজীৱনী খনৰ পৰা সংগ্ৰহ কৰা হৈছে ।

2/ মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম পদাৰ্পন কৰিছিল? 

উওৰ :-  মহাত্মা গান্ধীয়ে ইংৰাজী 19 21 চনত প্ৰথম বাৰৰ বাবে অসম পদাৰ্পন কৰিছিল ।

3/ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্ম জীৱনীখনৰ নাম কি? 

উওৰ :- মোৰ সোঁৱৰণি ।

4/ আগৰৱালা পকী কত অবস্থিত ?

উওৰ :-  তেজপুৰ চহৰত অৱস্থিত ।

5/ মহাত্মা গান্ধীৰ সন্মানাৰ্থে পকীৰ সন্মুখত আয়োজিত মজলিচত উপস্থিত থকা চৰকাৰি খিতাপ ধাৰি ব্যক্তিগৰাকী কোন আছিল ?

উওৰ :-  পদ্মনাথ গোহাঞিবৰুৱা 


...........................................................................
(খ)চমু প্ৰশ্ন:(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -2 অথবা 3
_________________________________________
1/ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা  ?
উওৰ :-  টেটোন তামুলী আৰু জয়ন্তী ।

2/ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা  ?

উওৰ :-  বিজুলী, আসাম বন্তি 'আৰু ঊষা '।

3/ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা  ?

উওৰ :-  গাওঁবুঢ়া',গদাধৰ 'আৰু শ্ৰীকৃষ্ণ '।

4/ মহাত্মা গান্ধীয়ে ভাৰতৰ গবৰ্ণৰ জেনেৰেলক
কি বুলি সম্বোধন কৰিছিল  ?

  উওৰ :-মহাত্মা গান্ধীয়ে ভাৰতৰ গবৰ্ণৰ জেনেৰেলক'Dear Sir বুলি সম্বোধন কৰি   your Excellency'ৰসলনি উকাকৈ অকল your বুলি চিঠি লিখিছিল ।

5/ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পন শীৰ্ষক পাঠটি ত উল্লেখ কৰা দুগৰাকী চাধিনতা যোদ্ধাৰ নাম লিখা  ?
_________________________________________
 (গ) দীঘল পশনৰ উত্তৰ মূল্যাংক 4-5
_________________________________________
1/  পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰনে গান্ধীজীক লগ পাবলৈ উদগীব হৈ পৰিছিল  ?

উওৰ :-  পদ্মনাথ গোহাঞিবৰুৱাই ভালেমান দিনৰপৰা ঘুনুক -ঘানাককৈ মহাত্মা গান্ধীৰ কথা শুনি আছিল । দখিণ আফ্ৰিকা বাসী ভাৰত সন্তান দুখ নিৰ্যাতন মোচন আৰু অভাৱ অভিযোগ নিৰাকৰনৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্য্যকলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি শুনি তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিৰে পদ্মনাথ গোহাঞিবৰুৱাৰ অন্তৰত ভৰি পৰিছিল । সেই সময় ছোৱাত আমাৰ দেশৰ মানুহে মহাত্মা গান্ধীৰ এই অসাধাৰণ কাৰ্য্যকলাপ আৰু কৃতিত্বৰ বিষয়ে বৰ বেছি নাজানে যদিও দূৰদূৰণিৰ আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীৰজীৰ মহামানবিক কাৰ্য্য -কলাপৰ বহুলভাৱে আলোচনা আৰু সমালোচনা চলিছিল । বিষেশকৈ আমেৰিকাৰ মিছনেৰীসকলে গান্ধীজীৰ মানত জাতিৰ মংগলাৰ্থে কৰা অলৌকিক আত্মোৎসংগত বিচময




        Class 11 questions answer Assamise   https://www.blogger.com/blogger.g?blogID=7115113387621202156#editor/target=post;postID=2908225313894096323;onPublishedMenu=publishedposts;onClosedMenu=publishedposts;postNum=0;src=postname

Im a all fhemash goru sur

Class IX Assamis questions answered. দৃশান্তৰ

                 (গোট 5)          (খ) দেশান্তৰ                                                 কবি--হৰেকৃষ্ণ ডেকা   শব্দাৰ্থ আৰু টোকা ...

goruchurdhruba.blogspot.com/?m