Thursday 9 January 2020

Class IX Assamis questions answered. দৃশান্তৰ

         
       (গোট 5)          (খ) দেশান্তৰ

                                                কবি--হৰেকৃষ্ণ ডেকা
  শব্দাৰ্থ আৰু টোকা
কাকিনী তামোল :   বৰ উখ তামুল।
দাহ                 :পোৰণি,পোৰা কায্য,দহন,শোক,সন্তাপ।
দৃশ্যানতৰ         :ভিন্ন বা অন্য দৃশ্য ।
যক্ষ্মা               :পুতি থোৱা ধন সোণ ৰাখি থাকে বুলি ভবা অপদেৱতা,অতিশয় কৃপনালি লোক ।
-------------------------------×-----------------------------------

                       পাঠ ভিকতি প্ৰশ্নোত্তৰ

প্ৰশ্ন 1/চমু উত্তৰ দিয়া :
(ক)কবিয়ে কিমান বছৰ পিছত মানুহৰ জনক লগ পাইছিল?
উওৰ  :-পঁচিশ বছৰ পিছত ।

(খ)নিজৰ ঘৰ বিচাৰি নোপোৱা মানু জন কুন আছিল?
উওৰ  :-কবিয়ে উল্লেখ কৰা মতে নিজৰ ঘৰ বিচাৰি নোপোৱা মানু জন আছিল কুকুৰীকণা । পৰিপূৰ্ণ জোনাকৰ পোহৰতো তেওঁৰ পদুলিত থকা পঁজা ঘৰটো বিচাৰি নোপোৱাত কবিয়ে তেঁওক হাতত ধৰি আগুৱাই দিছিল ।

(গ)কবিয়ে লগ পোৱা বৃদ্ধ কুঁজা মানুহজনক লগপোৱা আলি কেকুৰিটো কেনেকুৱা আছিল?
উওৰ  :-কবিয়ে লগ পোৱা আলি কেকুৰিটো কেঁচা আছিল ।

প্ৰশ্ন 2/ সাতবছৰীয়া ঘৰৰ বাহিৰত ৰৈ মানুহ জনে কৰিব সৈতে কি কি কথা পাতিছিল তুমাৰ নিজৰ ভাষাত লিখা?
উওৰ  :-পঁচিশ বছৰ পিছত একেঠাইতে কবিয়ে আৰু এজন মানুহক লগ পালে বৃদ্ধ কুঁজা মানুহজন সানমিহলিয়া ঘৰৰ বাহিৰত ৰৈ আছিল ।কবিক দেখি সন্দেহপুৰ্ণ চাৱনিৰে চাই মানুজনে তেওঁৰ ভাৰাঘৰ বিচাৰি আহিছে নেকি বুলি সোধিলে ।তেওঁ লগতে কলে এই কুবেৰ মহলত ভাৰাঘৰ নাই থকিলেও তাত সুখত থাকিব পৰা নাই ।এই ঘৰটোত কিছুমান চাৰ্তপৰ মানুহ বাস কৰে ।এই বুলি কৈয়েই বৃদ্ধ মানুহজন সানমিহলিয়া ঘৰৰ ভিতৰলৈ সুমাই গল ।

প্ৰশ্ন 3/দৃশ্যানতৰ কবিতাটোৰ
মুল ভাব লিখা?           (MQ)2015)
    উত্তৰ   :-দৃশ্যানতৰ কবিতাটোত কবিয়ে পঁচিশ বছৰ আগতে আৰু পঁচিশ বছৰ পিছত দৃষ্টিগোচৰ হোৱা দুটা ভিন্ন দৃশ্যৰ অবতাৰণা কৰিছে ।সময় পৰিবৰ্তনৰ লগে লগে সমাজ জীৱনৰ যি পৰিবৰ্তন আহে সেই পৰিবৰ্তনে মানুহক বৈষয়িক সুখ -সমৃদ্ধি কৰিলেও আচলতে যে মানুহ প্ৰকৃত সুখৰ পৰা বঞ্চিত হয় হেই কথা কবিতা টোৰ দুটি ভিন্ন দৃশ্যৰ মাজেদি কবিয়ে প্ৰকাশ কৰিছে ।
পঁচিশ বছৰৰ আগতে জোনাকৰ পোহৰত নিজৰ পঁজাঘৰটো বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱা এগৰাকি মানুহক কবিয়ে হাতত ধৰি আগবঢ়াই দিওতে উক্ত পঁজা ঘৰটিতে তেওঁ অতি শান্তিত জীয়াই থকা বুলি মত প্ৰকাশ কৰিছিল । সুদীৰ্ঘ পঁচিশ বছৰৰ মুৰত কবিয়ে উক্ত স্থানত পঁজা ঘৰ কেঁচা, কাকিনী তামুল আৰু বাঁহগছ দেখা নাপালে । তাৰ পৰিৱৰ্তে এটি সানমিহলিয়া ঘৰৰ উচৰত গৈ তেওঁ উপস্থিত হৈছিল । সেই ঠাইত বহুতো অট্টালিকা গঢ় লৈ উঠিছিল আৰু মানুহ বোৰে ব্যস্ততাৰে নিজৰ কৰ্তব্য সম্পাদনা কৰিছিল । অচিনাকি কবিক দেখি মানুহজনে তেওঁক ভাৰাঘৰ বিচাৰি যোৱা বুলি সন্দেহ কৰি তেওঁক এই কুবেৰৰ মহলাত ঘৰ নাই আৰু থাকিলেও ইয়াত কোনো ধৰনৰ শান্তি নাই বুলি সতৰ্ক কৰি দিছিল ।
       দুটি দৃশ্যৰ মাজেদি কবিয়ে গ্ৰাম্য জীৱনৰ সৰলতা আৰু সহজ আন্তৰিকতাৰ বিপৰিতে নাগৰিক সভ্যতাৰ বিকাশে সৃষ্টি কৰা কংক্ৰিটৰ অৰণ্যত যে মানুহ প্ৰকৃত সুখৰ পৰা বঞ্চিত হয় হেই কথা কবিতা টোৰ মাজেৰে প্ৰকাশ কৰিছে ।পঁচিশ বছৰ আগতে জোনাকৰ পোহৰত নিজৰ পঁজাঘৰটো বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱা এগৰাকি মানুহক কবিয়ে হাতত ধৰি আগুৱাই দিওতে উক্ত পঁজা ঘৰটিতে তেওঁ অতি সুখেৰে জীয়াই থকাবুলি মতপ্ৰকাশ কৰিছিল । সুদীৰ্ঘ পঁচিশ বছৰৰ মুৰত কবিয়ে উক্ত স্থানত পঁজা ঘৰ কেঁচা, কাকিনী তামোল আৰু বাঁহগছ দেখা নাপালে । তাৰ পৰিৱৰ্তে এটি সানমিহলিয়া ঘৰৰ উচৰত গৈ তেওঁউপস্থিত হৈছিল । সেই ঠাইত বহুতো অট্টালিকা গঢ লৈ উঠিছিল আৰু মানুহ বোৰে ব্যস্ততাৰে নিজৰ কৰ্তব্য সম্পাদনা কৰিছিল । অচিনাকি কবিক দেখি মানুহজনে তেওঁক ভাৰাঘৰ বিচাৰি যোৱা বুলি সন্দেহ কৰি তেওঁক এই কুবেৰৰ মহলাত ঘৰ নাই আৰু থাকিলেও ইয়াত কোনো ধৰনৰ শান্তি নাই বুলি সতৰ্ক কৰি দিছিল । দুটি দৃশ্যৰ মাজেদি কবিয়ে গ্ৰাম্য জীৱনৰ সৰলতা আৰু সহজ আন্তৰিকতাৰ বিপৰিতে নাগৰিক সভ্যতাৰ বিকাশে সৃষ্টি কৰা কংক্ৰিটৰ অৰণ্যত যে মানুহ প্ৰকৃত সুখ শান্তি লাভৰ পৰা বঞ্চিত সেই কথা সোঁৱৰাই দিছিল ।

প্ৰশ্ন 4/বৰ শান্তিত আছোঁ এই পঁজাটিত।'
       কোনে কিয় এইদৰে কৈছিল? কথাফাঁকি              অন্তৰ্নিহিত ভাব মুকলাই লিখা
  উওৰ :-  পঁচিশ বছৰৰ আগতে দৃশান্তৰ, কবিতাটিৰ কবি হৰেকৃষ্ণ ডেকাইগধুলি সময়ত এটা কেঁচা আলিৰ কেকুঁৰিত নঙলামুখত নিজৰ পদূলিটো বিচাৰি খেপিয়াই ফুৰা এজন মানুহ লগ পাইছিল । তেওঁনঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদুলি । এটা পঁজাঘৰৰ।
      সেই পঁজাঘৰটোৰ দাঁতিত কেইজোপামান কাকিনী- তামোল আলিবাটলৈ ধিয়াই থিয়হৈ আছিল। ঘৰৰ দাঁতিত আগলি বাহজোপাই তললৈ হাউলি নমস্কাৰ জনাইছিল । গ্ৰাম্য জীৱনৰ এনে শান্তিময় পঁজাটিত অকলশৰীয়া মানুহ জনক যেতিয়া কবিয়ে হাতত ধৰি প্ৰবেশকৰাই দিছিল, তেতিয়া কবিক তেওঁ কৈছিল যে এই পঁজা ঘৰটিতেই তেওঁ অতি সুখেৰে আছে । মানুহৰ কোলাহল নাই যদিও প্ৰকৃতিৰ নিবিড় পৰিবেশ । মানুহজনে কবিক এই কথা জনাইছিল ।

প্ৰশ্ন 5/ মৰিলেও দাহ কৰিবলৈও
        এজন মানুহ নাই ।'
  উওৰ :-  উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ সাহিত্য -সুবাসৰ অন্তগৰ্ত হৰেকৃষ্ণ ডেকা বিৰচিত দৃশান্তৰ কবিতাৰ পৰা তুলি দিয়া হৈছে । গ্ৰাম্য জীৱনৰ সৰলতা আৰু আন্তৰিকতাক ক্ৰমান্বয়ে আধুনিক জীৱনসৈলিয়ে গ্ৰাস কৰি আনিছে । মানুহবোৰ অধিক ব্যস্ত হৈ পৰিছে আৰু এই ব্যৱস্থাত ইন্ধন যোগাইছে আধুনিক জীৱনশৈলীয়ে । প্ৰতিযোগিতাৰে পৰিপূৰ্ণ এই জগতখনত মানুহবোৰ পেলাইছে । সেয়ে বিপদে আপদে কোনেও কাকো সহায় নকৰে । আনকি মানুহ মৰিলেও ওচৰ চুবুৰীয়াই সহায় কৰিবলৈও নাহে । এনে প্ৰসংগতে কবিয়ে উক্ত কথাখিনি কৈছে ।

(খ)  এই কংক্ৰীটৰ হাবিখনত তেওঁক
        বিচাৰি নাপালো আৰু ।'
     উওৰ :- উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দাৰা ৰচিত দৃশান্তৰ, শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে । মানুহবোৰ সৰু পঁজাঘৰত থাকোতেই অতি শান্তিত আচিল । পৰস্পৰে পৰস্পৰক সহায় কৰিছিল, মানুহৰ মাজত হ্ৰিদয়ৰ সম্পৰ্ক আছিল । কিন্তূ সময়ৰ পৰিবৰ্তনৰ লগে লগে কংক্ৰিটৰ অৰণ্যত পৰিনত হৈছে আমাৰ সমাজখনত । লগে লগে মানুহৰ হ্ৰিদয়ৰো কংক্ৰিটৰ পৰ্যবসিত হৈছে । সেয়ে অচিনাকি কবিক ঘৰ বিচাৰি অহা বুলি সতৰ্ক কৰি দিয়া মানুহজন সানমিহলিয়া কংক্ৰিটৰ অৰণ্যত হঠাতে কত লোকাই পৰিল কবিয়ে বিচাৰি পোৱাই নাই ।প্ৰেম আৰু আন্তৰিকতা নোহোৱা ঠাইত যে মানুহ কাহানিও সুখত থাকিব নোৱাৰে সেয়ে তাৰ নিদৰ্শন মাএ ।


No comments:

Post a Comment

Im a all fhemash goru sur

Class IX Assamis questions answered. দৃশান্তৰ

                 (গোট 5)          (খ) দেশান্তৰ                                                 কবি--হৰেকৃষ্ণ ডেকা   শব্দাৰ্থ আৰু টোকা ...

goruchurdhruba.blogspot.com/?m